10/01/2024
পথ সুৰক্ষাৰ বিষয়টোক গুৰুত্ব দিয়ক।ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ও অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ সন্দৰ্ভত নিষ্ঠা সহকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু নিৰ্দেশনা জাৰি কৰিছে।পৰিবহণ বিভাগ,আৰক্ষী বিভাগ আৰু সমূহ জিলা প্ৰশাসনেও এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছে। দুৰ্ঘটনা ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে। গতিকে, পথ সুৰক্ষাৰ বিষয়টো অতিশয় গুৰুত্ব সহকাৰে লওঁক। সমূহ যান-বাহন চালকলৈ বিনম্ৰ অনুৰোধ:
১) ভুল দিশত গাড়ী চলোৱা সমূলঞ্চে পৰিহাৰ কৰক।
২) "তীব্ৰ গতি-স্বৰ্গ গতি" - এই নীতি মনত ৰাখি সদায় দ্ৰুতগতি পৰিহাৰ কৰক।
৩) মদ্যপান কৰি গাড়ী নচলাব।
৪) বাইক চলাওতে সুৰক্ষিত হেলমেট পৰিধান কৰক। থুতুৰিক সুৰক্ষা দিয়া হেলমেটহে পৰিধান কৰক।
৫)চাৰিচকীয়া বাহন চলাওঁতে চাৰিওজন আৰোহীয়ে ছিটবেল্ট পৰিধান কৰক।
৬) বাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব।
৭) পথৰ কাষৰ পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনাযুক্ত চিহ্নবোৰ ভালদৰে নীৰিক্ষণ কৰি সেইমতেহে গাড়ী চলাওক।
৮) তিনিআলি/চাৰিআলি বোৰৰ ওচৰেদি পাৰ হওঁতে সদায় সঠিকভাৱে ইণ্ডিকেটৰ /হৰ্ণ আদি ব্যৱহাৰ কৰক।
৯) সময়মতে গাড়ীৰ সাৰ্ভিচিং কৰাওক। লগতে, আপুনি ড্ৰাইভাৰ হ'লে নিজৰ চকু পৰীক্ষা কৰাওঁক।
১০) সময়মতে বাহনৰ নথি পত্ৰ,যেনে:বিমা, ফিটনেছ,টেক্স,পাৰমিট,অনুজ্ঞাপত্ৰ ইত্যাদি নবিকৰণ কৰক।
১১)অনুজ্ঞাপত্ৰ অবিহনে বাহন নচলাব।
১২) সমূহ অভিভাৱকলৈ বিনম্ৰ অনুৰোধ: ল'ৰা-ছোৱালীক বহন কিনি দিয়াৰ পৰিবৰ্তে পঢ়া-শুনাৰ প্ৰতি উৎসাহিত কৰক।
১৩) নিশাৰ ভাগত গাড়ী চলোৱাৰ পৰা পৰাপক্ষত বিৰত থাকক।
১৪) অভাৰটেক কৰোঁতে অত্যন্ত সাৱধান হওক।
যান-বাহন আইন আৰু পৰিবহন বিভাগৰ নিয়ম-নীতি মানি চলক,নিজেও সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত ৰাখক।